আজি সফলতাৰে সামৰণি পৰিল ৩য় খেলো ইণ্ডিয়া য়ুথ গেমছ ২০২০ৰ


গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আয়োজিত সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল। লগতে, উপস্থিত আছিল- যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী শ্ৰীযুত কিৰেণ ৰিজিজু আৰু বিত্ত, স্বাস্থ্য, গড়কাপ্তানি, শিক্ষা আদি বিভাগৰ মাননীয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন আগবঢ়োৱা দল মহাৰাষ্ট্রক চেম্পিয়নছ্ ট্ৰফী প্ৰদান কৰে।

সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীত বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ছানে সংগীতানুষ্ঠান প্ৰদৰ্শন কৰা হৈছিল।