ব্লাড কেঞ্চাৰত আক্ৰান্ত যোৰহাটৰ কিশোৰ : প্লিজ হেল্প,


তৰালী দেৱী,যোৰহাট,১৭ জানুৱাৰী: সমনীয়াৰ লগত ছুইমিং পুলত খেলি ফুৰা তজৱজীয়া কিশোৰতোৰ জীৱনলৈ যে হঠাৎ এনে এক দুৰ্যোগ নামি আহিব মাক দেউতাকে সপোনটো ভবা নাছিল। কিন্তু মানুহে নভবা নিচিন্তা কথাবোৰেই অনিশ্চয়তাৰ গৰ্ভত লুকাই থাকে। যোৰহাটৰ আটিলা গাঁও নিবাসী সুয্যকুমাৰ বৰা আৰু শৰ্মিলা মিলি বৰাৰ ১৩ বছৰীয়া পুত্ৰ অংকিত বৰা আক্ৰান্ত ব্লাড কেন্সাৰত। এবছৰ পূৰ্বে এই ৰোগ চিনাক্ত হোৱাৰ পাছত আকাশী সৰগ ভাগি পৰে পৰিয়ালটোৰ ওপৰত। চেন্নাইৰ এপল’ কেন্সাৰ ইনষ্টিটিউটত যোৱা এবছৰ ধৰি চিকিৎসা ধীন হৈ আছে কিশোৰটি। পিতৃ মাতৃয়ে তাতে এটা কোঠা ভাড়া লৈ পুত্ৰৰ চিকিৎসা কৰাই আছে। ইতিমধ্যে হাতত থকা সকলো টকা পইচা শেষ হোৱাৰ লগতে আটিলা গাঁৱৰ ঘৰ আৰু ভেটিও বিক্ৰী কৰিলে পৰিয়ালটোৱে। অসম ৰাইফল স্কুলৰ সপ্তম মান শ্ৰেণীত পঢ়ি থকা কিশোৰটিৰ পৰা ইতিমধ্যে বন্ধ হৈ গৈছে। চিকিৎসকে শীঘ্ৰে কিশোৰ জনৰ বনমেৰু সংৰূপনৰ পৰামৰ্শ দিছে। যাৰ বাবে পৰিয়ালটোক দৰকাৰ হব কমেও ১৫/২০ লাখ টকাৰ। হাতত বৰ্তমান ফুটাকৰি এটাও নথকা পদিয়ালটোৱে এতিয়া সহায় বিচাৰিছে হৃদয়বান ৰাইজৰ। আপোনাৰ অকণমান আৰ্থিক সহায় হব পৰিয়ালটোৰ বাবে ডাঙৰ সকাহ। যদি কোনো সদাশয় লোকে পৰিয়াল তোক সহায় কৰিব বিচাৰে তেতিয়া AC no 50100071374432 HDFC bank, IESC code HDFC 0000753 এই বেংক একাউণ্টত আৰ্থিক অনুদান আগবঢ়াব পাৰিব। লগতে 9435429621 আৰু 7002133013 নম্বৰৰ যোগাযোগ কৰিব পাৰিব।